I am now accessing as a :

Government Of Assam Secondary Education Directorate of Secondary Education

ভেন্সাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰাদেশিকীকৰণ

ভেন্সাৰ আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ পাঠদান আৰু পাঠদান-ৰহিত কৰ্মচাৰীৰ সেৱাৰ প্ৰাদেশিকীকৃতকৰণ, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা সম্পন্ন হোৱা এক সফল কাৰ্য। পুনঃগঠন আৰু চৰকাৰৰ অনুমতিপ্ৰাপ্ত হোৱা দিনৰ পৰা ১০ বছৰ কাল সম্পূৰ্ণ কৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ১৫৫৫খন, বিভিন্ন ধৰণে যোগ্য বিবেচিত শিক্ষানুষ্ঠান, অসম ভেন্সাৰ শৈক্ষিক প্ৰতিষ্ঠান এক্ট,২০১১ (সেৱাৰ প্ৰাদেশিকীকৃতকৰণ)ৰ অধীনত প্ৰাদেশিকীকৃতকৰণ কৰা হৈছে। আৰু ৫৮১খন প্ৰতিষ্ঠানৰ ওপৰত এই বিষয়ে বিবেচনা কৰি থকা হৈছে। সেইমতে ২৩/০৯/২০১৬ তাৰিখে WP(c) নং- ৩১৯০/২০১২ আৰু WP(c)নং ৫৪০৬/২০১২ৰ এক নিৰ্দেশনা জাৰিৰে ঘোষণা কৰে যে, প্ৰাদেশিকীকৃতকৰণ এক্ট,২০১১খন, প্ৰাসঙ্গিকভাৱে অবৈধ। বৰ্তমান চৰকাৰে অসম শৈক্ষিক (শিক্ষক সেৱাৰ প্ৰাদেশিকীকৃতকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনঃগঠন) এক্ট,২০১৭ গঠন কৰিছে।

এই প্ৰাদেশিকীকৃতকৰণ সম্পৰ্কীয় সকলো বিষয়, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰিকল্পনা কোষত মিমাংসা কৰা হয়।