I am now accessing as a :

Government Of Assam Secondary Education Directorate of Secondary Education

আমাৰ ইতিহাস

Error message

  • Unable to create CTools CSS cache directory. Check the permissions on your files directory.
  • Unable to create CTools CSS cache directory. Check the permissions on your files directory.

আৰম্ভণিতে চিকিত্সা আৰু কাৰিকৰী শিক্ষাৰ অন্তৰ্ভুক্তিৰে শিক্ষাৰ সকলো পৰ্যায় এক ৰাজ্যিক পৰ্যায়ৰ একক অনুষ্ঠান লোক নিৰ্দ্দেশৰ সঞ্চালকৰ নিয়ন্ত্ৰণাধীন(ডি.পি.আই.)। এই সঞ্চালকালয় ১৮৭৪ চনত স্থাপন কৰা হৈছিল। তেনেদৰেই বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ বাবে, যেনে- চিকিত্সা আৰু কাৰিকৰীৰ ভিন্ন গাঁথনি সৃষ্টি কৰিছিল আৰু ডি.পি.আই.য়ে সাৰ্বজনীন/সাধাৰণ শিক্ষাৰহে পৰিচৰ্যা কৰে। ১৯৭৫ চনৰ ৫ ছেপ্তেম্বৰত ডি.পি.আই.ৰ পৰা বুনিয়াদী শিক্ষা পৃথক হয়, ৭.৭.৭৭ তাৰিখে বুনিয়াদী/প্ৰাথমিক শিক্ষাৰ বাবে এক পৃথক সঞ্চালকালয় গঠন কৰা হয়। তাৰ পিছৰ পৰাই ডি.পি.আই. মাথো মাধ্যমিক আৰু উচ্চতৰ শিক্ষাৰ বাহেহে দায়িত্বত ন্যস্ত। কিন্তু ১৯৮৫ চনৰ ২৯ মাৰ্চত ৰাজ্য চৰকাৰে জাননী নং AR.২০ /৮৫/১ৰ দ্বাৰা মাধ্যমিক পৰ্যায় পুনৰ বিভক্ত হৈ পৃথকে মাধ্যমিক শিক্ষাৰ বাবে এক নতুন সঞ্চালকালয় গঠন কৰে আৰু ডি.পি.আই.ৰ পদবীটো উচ্চতৰ শিক্ষা সঞ্চালক হিচাপে নতুনকৈ সজোৱা হয়। গতিকে মাধ্যমিক শিক্ষা সঞ্চালকালয়, অসমৰ বৰ্তমানৰ গাঠনি/আৰম্ভ হয় ১৯৮৫ চনৰ ২৯ মাৰ্চত।