মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষা সঞ্চালকালয়

বাজেট কেলেণ্ডাৰ

  • চৰকাৰী/প্ৰাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ সকলো বাজেট সম্পৰ্কীয় বিষয়, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ গণনা শাখাত সিদ্ধান্ত বা মোকাবিলা কৰা হয়। বিদ্যালয় পৰিদৰ্শকে/ডি.ডি.অ.য়ে তলত উল্লেখিত বাজেট কেলেণ্ডাৰ, আনুমানিক প্ৰয়োজনীয় বাজেট, অতিৰিক্ত প্ৰয়োজন ইত্যাদিৰ প্ৰস্তুতিৰ বাবে অনুসৰণ কৰিব পাৰে বা কৰে।

    মানসম্পন্ন বাজেট কেলেণ্ডাৰ

    মাৰ্চ মাহৰ চতুৰ্থ সপ্তাহ

    ডি.ডি.অ.য়ে চলিত বিত্তীয় বৰ্ষৰ বাবে আৱশ্যকীয় পুঁজিৰ বিষয়ে (বাজেট আবণ্টন) I/Sত ‘L’ ফৰ্ম আৰু B-I ফৰ্মত জমা দিব।

    এপ্ৰিলৰ ১ম সপ্তাহ

    আই/এচয়ে সকলো ডি.ডি.অৰ পুঁজিৰ বাবে প্ৰয়োজনীয় সংকোচিত বিৱৰণ, তেওঁৰ নিয়নত্ৰণৰ অধীনত B-Iফৰ্মত ডি.এছ.ই. অসমলৈ বৰ্ণনাৰে সৈতে দাখিল কৰে।

    এপ্ৰিলৰ ৪ৰ্থ সপ্তাহ

    ডি.এচ.ই.য়ে অনলাইন ব্যৱস্থাৰ দ্বাৰা ডি.ডি.অ.লৈ বাজেট আবণ্টন জাৰি কৰে।

    আগষ্টৰ ১ম সপ্তাহ

    ডি.ডি.অ.য়ে যদিহে প্ৰয়োজন, তেন্তে অতিৰিক্ত বাজেট আই/এচলৈ Lফৰ্ম আৰু B(I)আৰু শেহতীয়া বিত্তীয় বৰ্ষৰ খৰচৰ বৰ্ণনাৰে সৈতে পঠিয়ায় বা জমা দিয়ে।

    আগষ্টৰ শেষ সপ্তাহ

    আই/এচয়ে অতিৰিক্ত পুঁজিৰ আৱশ্যকতা ডি.এছ.ইৰ ওচৰত জমা দিব।

    ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহ

    অনলাইন ব্যৱস্থাৰে সকলো ডি.ডি.অ.লৈ অতিৰিক্ত বাজেট ডি.এছ.ইয়ে আবণ্টিত কৰে।

    আগষ্টৰ দ্বিতীয় সপ্তাহ

    সকলো ডি.ডি.অ.লৈ আই/এচ কাৰ্যালয়ে লিখিত জাননী পঠিয়াব যাতে আগন্তুক বিত্তীয় বৰ্ষৰ এক আনুমানিক বাজেটৰ পৰিমাণ জমা দিয়ে।

    আগষ্টৰ ৪ৰ্থ সপ্তাহ

    আই/এচ কাৰ্যালয়ে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে প্ৰয়োজন হব পৰা আনুমানিক বাজেট ডি.এছ.ইৰ ওচৰত জমা কৰিব।

    ছেপ্তেম্বৰৰ ২য় সপ্তাহ

    ডি.এছ.ইয়ে আগন্তুক বিততীয় বৰ্ষৰ বাবে প্ৰয়োজন হব পৰা আনুমানিক নিৰ্ধাৰিত বাজেটৰ পৰিমাণ চৰকাৰৰ ওচৰত দাখিল কৰিব।