মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষা সঞ্চালকালয়

জলপানি

শাৰিৰীকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীলৈ জলপানি:

এই আঁচনিৰ অধীনত শাৰিৰীকভাৱে অক্ষম চৰকাৰী/প্ৰাদেশিকীকৃত এইছ.এছ.এছ./এইছ.এছ. বিদ্যালয়ৰ নৱম-দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰক ৪০০ টকাকৈ আৰু একাদশ-দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰক ৫০০ টকাকৈ বাজেট অনুসাৰে মেধাৱীসকলক জলপানি দিয়া হয়।

সৈনিক বিদ্যালয়ৰ জলপানি

  • অসমৰ গোৱালপাৰাস্থিত সৈনিক বিদ্যালয়ত অধ্যয়নৰত আৱাসী ছাত্ৰক বছৰি ৩০,০০০ টকাকৈ জলপানি দিয়া হয়।
  • সৈনিক বিদ্যালয়ত পঢ়া সকলো আৱাসিক ছাত্ৰলৈ, প্ৰতিজনকে ৩০,০০০কৈ প্ৰতি বছৰে জলপানি প্ৰদান কৰা হয়।
  • ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটেৰী মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়নৰত অসমৰ ছাত্ৰক ৩০,০০০ টকাকৈ বছৰি জলপানি দিয়া হয়।

সৈনিক আৰু সহযোগী প্ৰশিক্ষণ আঁচনি

ৰাষ্ট্ৰীয় ভাৰতীয় মিলিটেৰী মহাবিদ্যালয় ডেৰাডুনত অধ্যয়নৰত সকলো সামৰিক শিক্ষাৰ্থীলৈ জলপানিৰ ব্যৱস্থা আছে। অসমৰ পৰা গৈ ডেৰাডুনত অধ্যয়নৰত সামৰিক শিক্ষাৰ্থীক প্ৰতি বছৰে ৩০,০০০ টকাকৈ দিয়া হয়।

লিংগ প্ৰভাৱনীয় বাজেট

একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীলৈ, লিংগ প্ৰভাৱনীয় বাজেটৰ অধীনত জলপানি – এই আঁচনিৰ অধীনত ৩০০ টকাকৈ প্ৰতি মাহে নৱম-দশম শ্ৰেণীত অধ্যয়নৰত আৰু ৩৫০ টকাকৈ প্ৰতি মাহে একাদশ-দ্বাদশ শ্ৰেণীত অধ্যয়নৰত অনুসূচীত জাতি/ অনুসূচীত জনজাতি ছাত্ৰীক প্ৰদান কৰা হয়।

কেন্দ্ৰীয়ভাৱে প্ৰযোজিত জলপানি আঁচনি

ছাত্ৰীলৈ মধ্যমিক শিক্ষাৰ বাবে উত্সাহমূলক ৰাষ্ট্ৰীয় আঁচনি

এই আঁচনি ২০১৬-১৭ শৈক্ষিক বৰ্ষৰ পৰা চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু স্থানীয় বিদ্যালয়ৰ পৰা অষ্টম শ্ৰেণীত উত্তীৰ্ণ আৰু নৱম শ্ৰেণীত যোগদান কৰিবলগীয়া অনুসূচীত জাতি/ অনুসূচীত জনজাতি ছোৱালী বিদ্যাৰ্থী আৰু কস্তুৰবা গান্ধী বালিকা মহাবিদ্যালয়ৰ পৰা অঞ্চম শ্ৰেণীত উত্তীৰ্ণ সকলো ছোৱালী (অনুসূচীত জাতি/ অনুসূচীত জনজাতি হওক বা নহওক নিৰপেক্ষভাৱে) বিদ্যাৰ্থীৰ বাবে। এই আঁচনিৰ হিতাধিকাৰী হবলৈ হলে ছোৱালী বিদ্যাৰ্থীসমূহ নৱম শ্ৰেণীত নামভৰ্তিৰ সময়ত (৩১-০৩-২০১৬) অবিবাহিত আৰু ১৬ বছৰৰ কম বয়সৰ হব লাগিব। বিবাহিতসকল এই আঁচনিত অন্তৰ্ভুক্তি নহয়। ব্যক্তিগত বিদ্যালয়, যি চৰকাৰী সাহায্যপ্ৰাপ্ত নহয় আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিদ্যালয়সমূহো এই আঁচনিৰ হিতাধিকাৰী হব নোৱাৰে।

ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষা

ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী আঁচনি শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় পৰিষদৰ এক প্ৰধান কাৰ্যপন্থা। ১৯৬৩ চনৰ পৰা এই কাৰ্যসূচী বিভিন্ন ৰূপত, বিভিন্ন ধৰণে চলি আহিছে। এই আঁচনিৰ মুখ্য উদ্দেশ্য হল প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰা আৰু সেই প্ৰতিভাৰ লালন-পালন কৰা। এন.টি.এচ. নিয়মানুসৰি সফল ছাত্ৰ-ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰা হয়। এই বৃত্তিৰ ১৫ শতাংশ অনুসূচীত জাতি ছাত্ৰ-ছাত্ৰীৰ বাবে, ৭.৫ শতাংশ এচ.টি ছাত্ৰ-ছাত্ৰীৰ বাবে আৰু ৩ শতাংশ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত। ৰাষ্ট্ৰীয় পৰ্যায়ত বছৰি এহেজাৰ বৃত্তি যোগ্য শিক্ষাৰ্থীক প্ৰদান কৰা হয়। তেওঁলোকক নিৰ্বাচন কৰা হয়, বহুবৈকল্পিক প্ৰশ্নকাকতযুক্ত পৰীক্ষা পাতি, যোগ্যতা ভিত্তিত। প্ৰশ্নকাকতৰ বিষয়সমূহ এনেধৰণৰ- শিক্ষামূলক অভিযোজন, মানসিক দক্ষতা এন.চি.ই.আৰ.টি., নতুন দিল্লীয়ে সলনি কৰি থাকে।

বৰ্তমান এই পৰীক্ষা মাথো দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবেহে অনুষ্ঠিত হয়।

এই পৰীক্ষাৰ আধাৰত ১০০০ বৃত্তি, ৰাষ্ট্ৰীয় পৰ্য়াযত প্ৰদান কৰা হয়। আগতে এই বৃত্তি মাহে ৫০০ টকাকৈ ছাত্ৰজনৰ পি.এইচ.ডি. পৰ্যায়লৈকে দিয়া হৈছিল। অলপতে এই বৃত্তিত এনে ধৰণৰ সালসলনি কৰা হৈছে-

  • প্ৰতি মাহে ১২৫০ টকাকৈ বৃত্তি একাদশৰ পৰা দ্বাদশ শ্ৰেণীলৈ।
  • প্ৰতি মাহে ২০০০ টকাকৈ বৃত্তি স্নাতক আৰু স্নাতকোত্তৰ সকললৈ।
  • পি.এইচ.ডি. কৰি থকাসকললৈ বৃত্তিৰ পৰিমাণ ইউ.জি.চি. নিয়মাৱলী অনুসুৰি নিৰ্দ্ধাৰিত।

টোকা – ২০১২-১৩ চনৰ পৰা অসমৰ পৰা দ্বিতীয় পৰ্যায়ৰ পৰীক্ষালৈ মাত্ৰ ৮৩জন যোগ্য ছাত্ৰকহে পঠাব পাৰিছে। তাৰ আগতে ১০৬জন আছিল।

নিৰ্বাচন প্ৰক্ৰিয়া:-

দুটা পৰ্যায়ত নিৰ্বাচন কৰা হয়। প্ৰথম পৰ্যায়ত লিখিত পৰীক্ষা হয়। তাত উত্তীৰ্ণসকলে দ্বিতীয় পৰ্যায়ত এন.চি.ই.আৰ.টি.য়ে অনুষ্ঠিত কৰা পৰীক্ষাত বহিব লাগে। সাধাৰণতে প্ৰথম পৰ্যায়ৰ পৰীক্ষাতো প্ৰতি বছৰে নৱেম্বৰ মাহত অনুষ্ঠিত হয় আৰু মে মাহত দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰে।

যোগ্যতা :-

চৰকাৰী, স্থানীয়, চৰকাৰী সাহাৰ্য্যপ্ৰাপ্ত ব্যক্তিগত বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হব পাৰে।

জলপানি