মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষা সঞ্চালকালয়

ছাত্ৰ-ছাত্ৰীক মাচুলৰ ৰেহাই

ছাত্ৰ-ছাত্ৰীক মাচুলৰ ৰেহাই

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে সিদ্ধান্ত লয় যে প্ৰাদেশিকীকৃত/চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু অসমৰ কনিষ্ঠ মহাবিদ্যালয়সমূহে কোনো নামভৰ্তি মাচুল, শিক্ষা মাচুল আৰু কোনো ধৰণৰ আন মাচুল, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত দাখিল হোৱা ছাত্ৰ-ছাত্ৰী, যিসকলৰ অভিভাৱকৰ বাৰ্ষিক আয় ১.০০ লাখৰ কম, তেওঁলোকে তলত উল্লেখ কৰা নিয়মাৱলী মানিব পাৰিলে দিব নালাগে-

১.অধ্যক্ষই অভিভাৱকৰ আয়ৰ চাৰ্টিফিকেট/আয় সম্পৰ্কীয় এনেধৰণৰ চাৰ্টিফিকেট জমা লব লাগিব-

  • যদিহে অভিভাৱক ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হয়, তেওঁলোকৰ মাহিলী আয়ৰ বিৱৰণ পত্ৰ, বিদ্যালয়/কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত দাখিল কৰিব লাগিব।
  • যদিহে অভিভাৱক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত, তেনেহলে তেওঁলোকে মালিক পক্ষৰ পৰা, তেওঁৰ বাৰ্ষিক আয় যে, ১.০০ লাখৰ ওপৰত নহয়, সেই বিৱৰণ থকা আয়ৰ এখন পত্ৰ বা টোকা জমা কৰিব লাগিব।
  • যদিহে চৰকাৰী বা ব্যক্তিগত কোনো প্ৰতিষ্ঠানতে কৰ্মৰত নহয়, তেনেহলে চক্ৰ বিষয়া বা মৌজাদাৰে লিখি দিব লাগিব।
  • এইকেইটাৰ বাহিৰেও যদিহে অধ্যক্ষ বা নামভৰ্তি কমিটীয়ে তেওঁলোকৰ নিজৰ বিচাৰ বুলিয়ে অনুভৱ কৰে যে সেই বিশেষ ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ অভিভাৱকৰ বাৰ্ষিক আয় ১.০০ লাখৰ কম, তেনেহলে সংশ্লিষ্ট অধ্যক্ষই তেওঁক বিনামূলীয়া নামভৰ্তিৰ বাবে বিবেচনা কৰিব পাৰে।

২.নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত, সংশ্লিষ্ট বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়সমূহে মাধ্যমিক শিক্ষা সঞ্চালকলৈ এনেদৰে বিনমূলীয়া নামভৰ্তিৰ ফলত হোৱা ৰাজহ ক্ষতিৰ বিশদ হিচাপৰ বৰ্ণনা, ক্ষতিপূৰণৰ বাবে দাখিল কৰিব লাগিব।

৩. বিদ্যালয়/কনিষ্ঠ মহাবিদ্যালয়সমূহৰ পৰা ৰাজহ ক্ষতিৰ বিশদ হিচাপৰ বৰ্ণনা তথ্য সহকাৰে পোৱাৰ পিছত মাধ্যমিক শিক্ষা সঞ্চালকে, বিদ্যালয়/কনিষ্ঠ মহাবিদ্যালয়ে প্ৰতি ক্ষতিপূৰণৰ বাবে প্ৰস্তাৱ চৰকাৰলৈ আগবঢ়াব

এই আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত, মুঠ ২০৩৪৩৫ সংখ্যক ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে।.

ছাত্ৰ-ছাত্ৰীক মাচুলৰ ৰেহাই