মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষা সঞ্চালকালয়

শিক্ষক বঁটা

শিক্ষকলৈ ৰাজ্যিক বঁটা:

এই বঁটাৰ বাবে দুটা পৰ্যায়ত বাছনি কৰা হয় – প্ৰথমতে জিলা ভিত্তিত আৰু শেষত ৰাজ্যিক পৰ্যায়ত।

জিলা পৰ্যায়ত, প্ৰতিখন জিলাতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে একোটাকৈ জিলা পৰ্যায়ৰ বাছনি কমিটী থাকে, কমিটীখন গঠন কৰা সদস্যসমূহ হৈছে-

১. উপায়ুক্ত বা তেওঁৰ মনোনীত ব্যক্তি        সভাপতি

২. জিলা প্ৰাথমিক শিক্ষা বিষয়া                 সদস্য

৩. বিদ্যালয় পৰিদৰ্শকৰ সদস্য                 সম্পাদক

৪. শিক্ষকৰ দুজন প্ৰতিনিধি সদস্য(এজন প্ৰাথমিক আৰু এজন মাধ্যমিক শিক্ষাক প্ৰতিনিধিত্ব কৰা)

বি-টি-এ-ডি আৰু ৬ অনুসূচীত জিলাৰ অঞ্চলসমূহত সংশ্লিষ্ট পৰিষদৰ প্ৰধান সচিবজনেই সভাপতি।

প্ৰাথমিক আৰু মাধ্যমিক উভয়ৰে, ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী কমিটী গঠনৰ বাবে প্ৰয়োজনীয় সদস্যসমূহ এনেধৰণৰ;

১. মাধ্যমিক শিক্ষা সঞ্চালক, অসম               সভাপতি

২. প্ৰাথমিক শিক্ষা সঞ্চালক, অসম                সদস্য

৩. সঞ্চালক এচ চি ই আৰ টি, অসম             সদস্য

৪. মাদ্ৰাছা শিক্ষা সঞ্চালক, অসম                  সদস্য

৫. অধ্যক্ষ, বাণীকান্ত মহাবিদ্যালয়, অসম        সদস্য

৬. উপ-সচিব                                      চৰকাৰৰ মনোনীত

জিলা পৰ্যায়ৰ নিৰ্বাচনী কমিটীয়ে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিকৰ পৰা দুজনকৈ শিক্ষক নিৰ্বাচন কৰে আৰু এচ এল এচ চিৰ ওচৰত দাখিল কৰিবলৈ তেওঁলোকৰ নাম মাধ্যমিক শিক্ষা সঞ্চালকলৈ পঠিয়ায়। ডি.এল.এছ.চিয়ে দাখিল কৰা মনোনীত তালিকাৰ পৰা ৰাজ্যিক বঁটাৰ বাবে এচ.এল.এচ.চিয়ে শেষত শিক্ষক বাচনি কৰে। ২৭জনলৈ এই বঁটা প্ৰদান কৰিব পাৰি, তাৰে, ১০ জন শিক্ষা মাধ্যমিক শিক্ষা আৰু ১৭ জন শিক্ষক প্ৰাথমকি শিক্ষাৰ পৰা যত ৬ জনজাতি আৰু বি.টি.এ.ডি অঞ্চলৰ জিলাকো সামৰি লোৱা হৈছে।

শিক্ষকলৈ প্ৰদান কৰা ৰাজ্যিক বঁটাৰ লগত সকলো বিষয় মাধ্যমিক শিক্ষা সঞ্চালকালয়, অসমৰে যোগাযোগ কৰি মোকাবিলা কৰা হয়।

শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা:

শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ বাবে মনোনয়নৰ প্ৰক্ৰিয়াটো ভাৰত চৰকাৰৰ নিয়মাৱলী অনুসাৰেই ধাৰ্য কৰা হৈছে। প্ৰতিবছৰে বিদ্যালয় পৰিদৰ্শকক, ভাৰত চৰকাৰৰ পৰামৰ্শৱলী অনুসাৰে এই বঁটাৰ বাবে প্ৰস্তাৱ দাখিলৰ অনুৰোধ জনোৱা হয়। ৰাষ্ট্ৰীয় বঁটাৰ বাবে ভাৰত চৰকাৰে প্ৰতি বছৰে নিয়মাৱলী দাখিল কৰে।

এই বঁটাৰ লগত সকলো বিষয় মাধ্যমিক শিক্ষা সঞ্চালক, অসমৰ লগত যোগাযোগ কৰি সিদ্ধান্ত কৰা হয়।

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষকৰ পুনঃনিযুক্তি

ৰাষ্ট্ৰীয় বঁটাৰে পুৰস্কৃত শিক্ষকসকললৈ দুই বছৰৰ পুনঃনিযুক্তিৰ ব্যৱস্থা আছে, হয় অৱসৰৰ পছত দুই বছৰলৈ বা ৬২ বছৰ বয়সলৈকে, যিটোৱে আগত হয়।

এই পুনঃনিযুক্তিৰ লগত জড়িত যিকোনো বিষয়, মাধ্যমিক শিক্ষা সঞ্চালক, অসমৰ লগত যোগাযোগ কৰি সিদ্ধান্তলৈ অহা হয় বা মোকাবিলা কৰা হয়।

শিক্ষক বঁটা