চৰকাৰী/প্ৰাদেশিকীকৃত মাধ্যমিক বিদ্যালয়ৰ সকলো বাজেট সম্পৰ্কীয় বিষয়, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ গণনা শাখাত সিদ্ধান্ত বা মোকাবিলা কৰা হয়। বিদ্যালয় পৰিদৰ্শকে/ডি.ডি.অ.য়ে তলত উল্লেখিত বাজেট কেলেণ্ডাৰ, আনুমানিক প্ৰয়োজনীয় বাজেট, অতিৰিক্ত প্ৰয়োজন ইত্যাদিৰ প্ৰস্তুতিৰ বাবে অনুসৰণ কৰিব পাৰে বা কৰে।
মানসম্পন্ন বাজেট কেলেণ্ডাৰ
মাৰ্চ মাহৰ চতুৰ্থ সপ্তাহ | ডি.ডি.অ.য়ে চলিত বিত্তীয় বৰ্ষৰ বাবে আৱশ্যকীয় পুঁজিৰ বিষয়ে (বাজেট আবণ্টন) I/Sত ‘L’ ফৰ্ম আৰু B-I ফৰ্মত জমা দিব। |
এপ্ৰিলৰ ১ম সপ্তাহ | আই/এচয়ে সকলো ডি.ডি.অৰ পুঁজিৰ বাবে প্ৰয়োজনীয় সংকোচিত বিৱৰণ, তেওঁৰ নিয়নত্ৰণৰ অধীনত B-Iফৰ্মত ডি.এছ.ই. অসমলৈ বৰ্ণনাৰে সৈতে দাখিল কৰে। |
এপ্ৰিলৰ ৪ৰ্থ সপ্তাহ | ডি.এচ.ই.য়ে অনলাইন ব্যৱস্থাৰ দ্বাৰা ডি.ডি.অ.লৈ বাজেট আবণ্টন জাৰি কৰে। |
আগষ্টৰ ১ম সপ্তাহ | ডি.ডি.অ.য়ে যদিহে প্ৰয়োজন, তেন্তে অতিৰিক্ত বাজেট আই/এচলৈ Lফৰ্ম আৰু B(I)আৰু শেহতীয়া বিত্তীয় বৰ্ষৰ খৰচৰ বৰ্ণনাৰে সৈতে পঠিয়ায় বা জমা দিয়ে। |
আগষ্টৰ শেষ সপ্তাহ | আই/এচয়ে অতিৰিক্ত পুঁজিৰ আৱশ্যকতা ডি.এছ.ইৰ ওচৰত জমা দিব। |
ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহ | অনলাইন ব্যৱস্থাৰে সকলো ডি.ডি.অ.লৈ অতিৰিক্ত বাজেট ডি.এছ.ইয়ে আবণ্টিত কৰে। |
আগষ্টৰ দ্বিতীয় সপ্তাহ | সকলো ডি.ডি.অ.লৈ আই/এচ কাৰ্যালয়ে লিখিত জাননী পঠিয়াব যাতে আগন্তুক বিত্তীয় বৰ্ষৰ এক আনুমানিক বাজেটৰ পৰিমাণ জমা দিয়ে। |
আগষ্টৰ ৪ৰ্থ সপ্তাহ | আই/এচ কাৰ্যালয়ে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে প্ৰয়োজন হব পৰা আনুমানিক বাজেট ডি.এছ.ইৰ ওচৰত জমা কৰিব। |
ছেপ্তেম্বৰৰ ২য় সপ্তাহ | ডি.এছ.ইয়ে আগন্তুক বিততীয় বৰ্ষৰ বাবে প্ৰয়োজন হব পৰা আনুমানিক নিৰ্ধাৰিত বাজেটৰ পৰিমাণ চৰকাৰৰ ওচৰত দাখিল কৰিব। |