মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষা সঞ্চালকালয়

ভ্ৰমণ ছুটীৰ ৰেহাইৰ বাবে আবেদন

পৰীক্ষণ তালিকা:

  • সংজ্ঞা
  • যোগ্যতা নিৰ্ণায়ক
  • আবেদনৰ প্ৰক্ৰিয়া
  • প্ৰয়োজনীয় নথিপত্ৰ
    • ভাৰতত যিকোনো ঠাইলৈ ১০ বছৰ কাল কৰ্মজীৱন পাৰ কৰা কৰ্মচাৰীয়ে গোটেই চাকৰি কালত এবাৰ এল.টি.চি. পাব।
    • প্ৰকৃত ভ্ৰমণ খৰচৰ ব্যয় পূৰণ নিৰ্ভৰ কৰে ৰেলেৰে কৰা সৰ্বোচ্চ যাত্ৰাৰ ওপৰত।
    • এল.টি.চি.ৰ বাবে পৰিয়ালৰ সংজ্ঞাত আশ্ৰিত পিতৃ-মাতৃও অন্তৰ্ভুক্ত। নিৰ্ভৰশীলতাৰ সংজ্ঞা, সকলো বিষয়ৰ বাবে নিম্নতম পৰিয়াল পেন্সনৰ লগত জড়িত। সেই অনুসৰি সকলো পিতৃ-মাতৃ, যাৰ বিভিন্ন উত্সৰ পৰা মুঠ আয়, নিৰ্ধাৰিত পেন্সনতকৈ কম আৰু মূল্যবৃদ্ধিৰ পৰা সেয়ে ৰেহাইৰ উদ্দেশ্যে পৰিয়ালৰ সংজ্ঞাত এই কাৰ্যৰ বাবে অন্তৰ্ভুক্তি কৰা হৈছে।
    • ভ্ৰমণত ৰেলৰ শ্ৰেণীৰ কৰ্মচাৰীৰ গ্ৰেড অনুযায়ী এনেধৰণৰ-
Swipe to view
গ্ৰেডজ্যেষ্ঠ গ্ৰেডগ্ৰেড-Iগ্ৰেড-IIশয়ন শ্ৰেণী (শ্লিপাৰ শ্ৰেণী)শ্লিপাৰ শ্ৰেণী
ৰেলৰ শ্ৰেণী১ম শ্ৰেণী/অধিকাৰী শ্ৰেণীএ.চি. টু টায়াৰএ.চি. থ্ৰী টায়াৰশ্লিপাৰ শ্ৰেণীশ্লিপাৰ শ্ৰেণী
  • আগধন পোৱাৰ ৬০ দিনৰ ভিতৰত ভ্ৰমণ সম্পূৰ্ণ কৰিব লাগিব। ভ্ৰমণ ভাত্তা বিল ভ্ৰমণ সম্পূৰ্ণ হোৱাৰ পিছত ১৫ দিনৰ ভিতৰত জমা দিব লাগে। সজাগ চৰকাৰী সেৱকে আগধন উঠোৱাৰ ১০ দিনৰ ভিতৰত ৰেলৰ টিকট দেখুৱাব লাগিব। বাকী থকা ধন, ভ্ৰমণৰ শেষত টিকট জমা দিলে মোকলাই দিব আৰু এল.টি.চি. মোহৰ সংৰক্ষিত টিকটত মাৰি দিব লাগিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত ভ্ৰমণ কৰিব নোৱাৰিলে তাত্ক্ষণিকভাৱে সমগ্ৰ টকা ঘূৰাই দিব লাগিব।
  • এল.টি.চি.ত প্ৰস্থানৰ তাৰিখৰ ঠিক আগতে, কৰ্মৰত দিনত সংশ্লিষ্ট কৰ্মচাৰীয়ে নিয়ন্ত্ৰণ বিষয়াক লগ ধৰিব লাগিব। তেওঁ দলিল/নথিপত্ৰ-A, তেওঁৰ মোহৰ আৰু স্বাক্ষৰৰ সৈতে কৰ্মচাৰীজনক দিব। লক্ষ্যস্থান পোৱাৰ পিছত সেই দলিল/নথিপত্ৰ-A, পূৰণ কৰি তাৰ পৰা ৰেজিষ্টাৰ ডাকযোগে নিয়ন্ত্ৰণ বিষয়ালৈ প্ৰেৰণ কৰিব লাগে।
  • ঘূৰি অহাৰ পিছত ডাকযোগে বিষয়ালৈ প্ৰেৰণ কৰা ডাকঘৰৰ ৰছিদ সেই ঠাই ফুৰাৰ চিহ্ন হিচাপে নিশ্চিত অহা যোৱাৰ টিকটৰ সৈতে জমা দিব লাগে।
  • নিয়ন্ত্ৰণ বিষয়াই দলিল/নথিপত্ৰ-A আৰু ডাক ৰছিদ মূল টি.এ. বিলৰ লগত একেলগে উৰ্দ্ধতন কৰ্তৃপক্ষৰ ওচৰত প্ৰেৰণ কৰিব লাগে।
  • সেৱা খাটা, নন-এভেইলিং প্ৰমাণ-পত্ৰৰ স্বাক্ষৰিত কপি নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ পৰা আৰু সকলো পৰিয়ালৰ সদস্যৰ বয়সৰ প্ৰমাণ-পত্ৰ, এল.টি.চি. ৰ্মৰ সৈতে আৱশ্যকীয়।
Downloads
Swipe to view
Swipe to view
TitleSizeDetail
PDF icon FORM OF LTC_0.pdf443.63 KBswf-image