মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা মাধ্যমিক শিক্ষা সঞ্চালকালয়

প্ৰশিক্ষণ কাৰ্যসূচী

বি.এড. প্ৰশিক্ষণ

মাধ্যমিক বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত প্ৰভাৱশালী শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া কাৰ্যকৰী হবলৈ হলে শিক্ষকসকলৰ প্ৰশিক্ষণ বৰ প্ৰয়োজনীয়। সেয়ে মাধ্যমিক পৰ্যায়ৰ শিক্ষকসকলক প্ৰত্যেক মানসম্পন্ন চৰকাৰী বি.এড. মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

হিন্দীৰ প্ৰশিক্ষণ

মাধ্যমিক বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত প্ৰভাৱশালী পাঠদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়া কাৰ্যকৰী হবলৈ হলে শিক্ষকসকলৰ প্ৰশিক্ষণ বৰ প্ৰয়োজনীয়। সেয়ে, মাধ্যমিক পৰ্যায়ৰ হিন্দী শিক্ষকসকলক, প্ৰতি বছৰে প্ৰশিক্ষণৰ বাবে উত্তৰ গুৱাহাটীৰ হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

চি চি আৰ টি প্ৰশিক্ষণ

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ এক প্ৰধান অনুষ্ঠান সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰই সমগ্ৰ দেশৰে চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। জলপানি বা বৃত্তি আৰু শিক্ষকৰ প্ৰশিক্ষণ সম্পৰ্কীয় সকলো বিষয়, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ই.টি. শাখাত আলোচনা কৰা হয়।