শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ইংৰাজী, সমাজ বিজ্ঞান, গণিত আৰু মাহিলী পাৰিশ্ৰমিক ৮০০০ টকাৰ চুক্তিমূলক নিযুক্তি, চৰকাৰী আৰু প্ৰাদেশিকীকৃত –উভয় মাধ্যমিক বিদ্যালয়তে চৰকাৰী জাননী নং PMA(S)৩২ /২০১০/২০, তাং ১০/০৬/২০১০ অনুসাৰে দিয়াৰ সিদ্ধান্ত লয়। সেইমতে বহুতো মাধ্যমিক বিদ্যালয়ত চুক্তিমূলক শিক্ষক নিযুক্তি দিয়া হয়। চৰকাৰে তেওঁলোকৰ মাহিলী পাৰিশ্ৰমিক ৮০০০ টকতাৰ পৰা ১৫৫০০ টকালৈ চৰকাৰী যোগাযোগ নং PMA(S) ৯২/২০১২/৭, তাং ২৩/০৪/২০১২ৰ মতে বৃদ্ধি কৰে।
চুক্তিমূলক শিক্ষক সম্পৰ্কীয় সকলো বিষয়, অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰিকল্পনা কোষত মিমাংসা কৰা হয়।